ভাল খবৰ:দেশত ক'ৰ'না আক্রান্ত ১০২ গৰাকী লোকৰ আৰোগ্য লাভ

Pic

মাৰাত্মক ক'ৰ'না ভাইৰাছক লৈ দেশবাসী শংকিত হৈ থকাৰ সময়তে আহিছে এটা ভাল খবৰ।বৰ্তমানলৈ দেশত ১০২গৰাকী ক'ভিড-১৯ত আক্ৰান্ত ব্যক্তি সুস্থ হৈছে।তাৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক ২৫জন আৰোগ্য হৈছে।ইয়াৰ উপৰিও কেৰেলাত ২০জন,হাৰিয়ানাত ১৭জন, উত্তৰ প্ৰদেশত ১১জন, দিল্লীত ৬জন, কৰ্ণাটকত ৫জন, ৰাজস্থানত ৩জন,তামিলনাডুত ৪জন,উত্তৰাখণ্ডত ২জন আৰু তেলেংগানা,গুজৰাট,পঞ্জাব,হিমাচল প্ৰদেশত ১জনকৈ ব্যক্তি আৰোগ্য হৈছে।এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে। গুৰুত্বপূৰ্ণ কথা এই যে দেশত বৰ্তমান ক'ভিড-১৯ত আক্রান্তৰ সংখ্যা হৈছে ১১৯৭ জন।মৃত্যু হৈছে ৩৩ জনৰ। দেশৰ ভিতৰত সৰ্বাধিক লোক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত আৰু দ্বিতীয়তে আছে কেৰেলা।

Your Comments