ৰাজ্যসভাৰ তৃতীয়খন আসনত জয় নিশ্চিত অজিত কুমাৰ ভূঞাৰ:অতনু ভূঞাই দাখিল নকৰিলে মনোনয়ন-পত্ৰ

Pic

ৰাজ্যসভাৰ তৃতীয়খন আসনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী অজিত কুমাৰ ভূঞাৰ জয় নিশ্চিত।সাংবাদিক অতনু ভূঞাই মনোনয়ন -পত্ৰ সংগ্ৰহ কৰাৰ পিছত অন্তিম দিনটোত দাখিল নকৰিলে মনোনয়ন-পত্ৰ।ফলত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে অজিত কুমাৰ ভূঞা  ৰাজ্যসভালৈ যোৱাটো প্ৰায় নিশ্চিত হৈছে।

গুৰুত্বপূৰ্ণ কথা এই যে অহা ২৬ মার্চত অনুষ্ঠিত হ'ব ৰাজ্যসভাৰ নিৰ্বাচন।শুকুৰবাৰে অন্তিম দিনা বিজেপি প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাৰে লগতে বিৰোধী দলসমূহৰ উমৈহতীয়া    প্ৰাৰ্থী অজিত কুমাৰ ভূঞাই দাখিল কৰে মনোনয়ন- পত্ৰ।

ইফালে,বিপিএফ নেতা বিশ্বজিৎ দৈমাৰী বিজেপি মিত্ৰজোঁটৰ দ্বিতীয়খন আসনৰ চূড়ান্ত প্ৰাৰ্থী।

Your Comments