কংগ্ৰেছত ভূমিকম্প:জ্যোতিৰাদিত্য সিন্ধিয়াৰ দলত্যাগ,পতন নিশ্চিত মধ্য প্ৰদেশৰ কংগ্ৰেছ চৰকাৰৰ

Pic

হোলীৰ উল্লাসৰ মাজতে কংগ্ৰেছ দলত ভূমিকম্প।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহক দিল্লীত সাক্ষাৎ কৰাৰ পিছতে মঙলবাৰে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে শীৰ্ষ কংগ্ৰেছ নেতা তথা এসময়ত ৰাহুল গান্ধীৰে ঘনিষ্ঠ জ্যোতিৰাদিত্য সিন্ধিয়াই।সিন্ধিয়াই আজিয়েই বিজেপিত যোগ দিব।সিন্ধিয়াৰ পদত্যাগৰ পিছতে কংগ্ৰেছে নিজেই উল্লেখ কৰিছে মধ্য প্ৰদেশৰ কংগ্ৰেছ চৰকাৰৰ পতন নিশ্চিত।উল্লেখ্য যে বিজেপিয়ে জ্যোতিৰাদিত্য সিন্ধিয়াক ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত কৰি অনাৰ কথা।পৰৱৰ্তী পৰ্যায়ত তেওঁ হ'ব পাৰে মোডী চৰকাৰৰ কেবিনেট মন্ত্ৰী। 

Your Comments