নেমকেয়াৰ চিকিৎসালয়ৰ কেবিনত জুবিনৰ বাবে বিশেষ ষ্টুডিঅ স্থাপন : সুস্থ হৈ তাৰ পৰাই ৰাইজক দিব প্ৰথমতো উপহাৰ

Zubin

নিউজ ডেস্ক :

আইচিইউ পৰা আজি কেবিনলৈ অনা হয় শিল্পী জুবিন গাৰ্গক।শুক্ৰবাৰে সন্ধিয়াৰ পৰা নেমকেয়াৰ হাস্পতালৰ আইচিইউৰ চিকিৎসাধীন হৈ থকা শিল্পী গৰাকী ক্ৰমাৎ সুস্থ হোৱাত মংগলবাৰে আইচিইউ পৰা কেবিন লৈ অনা কথা জানিবলৈ দিয়ে চিকিৎসালয় কৰ্তৃপক্ষই।
উল্লেখ্য যে চিকিৎসালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি বন্ধ কক্ষত অস্বস্তি অনুভৱ কৰিছে জুবিনে।তাৰ বাবে চিকিৎসালয়ৰ কেবিনতে এটা অস্থায়ী ষ্টুডিঅ কৰাৰ পৰিকল্পনা জুবিনৰ।এই কেবিন কক্ষৰ পৰাই শিল্পী গৰাকীয়ে ৰাজ্যবাসীৰ বাবে নতুন সৃষ্টি আগবঢ়াব বিচাৰিছে।

গুৰুত্বপূৰ্ণ কথা এই যে জুবিনৰ ইচ্ছাৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসাল কৰ্তৃপক্ষই জুবিনক তেওঁ থকা বিশেষ কেবিনটোতে ব্যৱস্থা কৰি দিছে এটা ষ্টুডিঅ।এই কথা জানিবলৈ দিছে নেমকেয়াৰ হস্পিতালৰ পৰিচালন সঞ্চালক ডাঃ হিতেশ বৰুৱাই।

বৰুৱাই প্ৰকাশ কৰা অনুসৰি সুস্থ হৈ জুবিনে প্ৰথম সৃষ্টি নেমকেয়াৰ কক্ষৰ পৰাই ৰাইজক দিব।

ইফালে আগন্তক ৰঙালী বিহুত জুবিনক দুপৰ ৰাতি অনুষ্ঠান পৰিৱেশৰ বাবে নিমন্ত্ৰণ নকৰিবলৈয়ো আহ্বান জনায়।

Your Comments