গুৱাহাটী বিশ্ববিদ্যালয়ত 'জোনাকী' উত্তৰ-পূব চলচ্চিত্ৰ মহোৎসৱ

Pic

গুৱাহাটী বিশ্ববিদ্যালয়ত শুকুৰবাৰৰ পৰা অনুষ্ঠিত হৈছে ‘জোনাকী’ উত্তৰ-পূব চলচ্চিত্ৰ মহোৎসৱ। বিশ্ববিদ্যালয়খনৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগে বিগত বর্ষসমূহৰ ধাৰাবাহিকতা ৰক্ষা কৰি এই বছৰো দুদিনীয়াকৈ অনুষ্ঠিত কৰিছে ‘জোনাকী’ চলচ্চিত্ৰ মহোৎসৱখন।শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা চলচ্চিত্ৰ মহোৎসৱখনৰ আৰম্ভণিতে 'জিলিকাব লুইতৰে পাৰ' শীর্ষক গীতটো পৰিৱেশন কৰা হয়।মহোৎসৱৰ শুভাৰম্ভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডীন সৌৰভ প্ৰাণ গোস্বামীয়ে।শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ সচিব মাধুৰিমা বৰুৱা সেন।উপস্থিত থাকে অসম চৰকাৰৰ সাস্কৃতিক বিভাগৰ সঞ্চালক বিষ্ণু কমল বৰা,গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্রেণী সচিব দিলীপ বৰা। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নিলোৎপল বৰা,বিশিষ্ট চলচিত্ৰ নিৰ্মাতা অচ্যিন্ত শংকৰ,ভূপেন চক্ৰবৰ্তী,ড: গৌতম দাস।অনুষ্ঠানৰ আৰম্ভণিতে বিশিষ্ট অতিথিসকলক সম্বৰ্ধনা জনোৱা হয় গামোচা,কিতাপৰ টোপোলাৰ লগতে এটি গছপুলিৰে। বন্তি প্ৰজ্বলনৰ পিছতে মহোৎসৱখনৰ আদৰণি ভাষণ প্ৰদান কৰে গণ-সংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক অংকুৰন দত্তই।আদৰণি ভাষণত দত্তই কয়-"ভাল চিনেমাই মানসিক পৰিৱৰ্তনেই নহয়,ব্যৱহাৰিক পৰিবৰ্তনতো প্ৰভাৱ পেলায়।" উল্লেখ্য যে এহাজাৰতকৈ অধিক দৰ্শকে অংশগ্ৰহণ কৰিব লগা মহোৎসৱখনৰ শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মাধুৰিমা বৰুৱা সেনে জোনাকীৰ প্ৰচেষ্টাৰ শলাগ লয়।লগতে জোনাকীয়ে সুস্থ আৰু মননশীল চলচ্চিত্ৰ সমাজত এটা ইতিবাচক প্ৰভাৱ পেলাব বুলিও উল্লেখ কৰে৷ একেদৰে অনুষ্ঠানত অধ্যাপক দিলীপ বৰাই কয়-"দুদিন বিনোদনৰ মাজেৰে মনৰ উৎকৰ্ষ সাধন হ'ব।" গুৰুত্বপূৰ্ণ কথা এই যে বিশ্ববিদ্যালয়খনৰ পিডি আৰু এটি প্ৰেক্ষাগৃহত মহোৎসৱখনৰ ছবিবোৰ প্ৰদৰ্শন কৰা হ'ব।অসমৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ছবি প্ৰদৰ্শন কৰাৰ উপৰিও বড়ো আৰু মিচিং ভাষাৰ ছবি প্ৰদৰ্শন কৰা হ’ব মহোৎসৱত। আনহাতে,শুকুৰবাৰে অংকুৰণ দত্ত পৰিচালিত ‘ষ্টকিং দ্য ষ্ট্ৰকছ’ নামৰ ছবিখনেৰে আৰম্ভ হয় মহোৎসৱৰ।

Your Comments