হাতীৰ চিকিৎসক পদ্মশ্ৰী ডাঃ কুশল কোঁৱৰ শৰ্মাক কাজিৰঙা ৱাইল্ড লাইফ ছ'চাইটীৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান

Pic

পদ্মশ্ৰী বঁটাপ্ৰাপ্ত ৰাজ্যৰ বিশিষ্ট পশু চিকিৎসক তথা 'হাতীৰ ডাক্তৰ' হিচাপে বিশ্বত সমাদৰ লাভ কৰা ডাঃ কুশল কোঁৱৰ শৰ্মাক "কাজিৰঙা ৱাইল্ড লাইফ ছ'চাইটী"ৰ ২০১৯বর্ষ জীৱনজোৰা সাধনা বঁটা প্ৰদান।বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত পদ্মশ্ৰী শৰ্মাক ছ'চাইটীৰ হৈ বঁটা প্ৰদান কৰে ৰাজ্যৰ প্ৰাক্তন মুখ্য বন সংৰক্ষক ৰমনী মালাকাৰৰ লগতে ৰমনী ডেকা,ইন্দ্ৰজিত দাস,অনুষ্ঠানৰ মুখ্য অতিথি নিখিল বড়ো ছাত্ৰ সন্থাৰ নৱ- নিৰ্বাচিত সভাপতি দ্বীপেন বড়ো, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ আৰু ছ'চাইটীৰ বহুকেইজন সদস্যই।বঁটাত আছে এটা ফুলৰ থোপা,এটা এৰি চোলা, স্মাৰক, এটা হাতীৰ প্ৰতিমূৰ্তি,এখন গামোচা, এখন সম্বৰ্ধনা-পত্ৰ।উল্লেখ্য যে ডাঃ শৰ্মাই বৰ্তমানলৈ প্ৰায় ৭ হাজাৰৰো অধিক হাতীৰ চিকিৎসাৰ লগতে প্ৰায় ২০০ৰো অধিক বনৰীয়া হাতীক বশ কৰিছে,যি নেকি সমগ্ৰ বিশ্বতে বিৰল। বঁটা গ্ৰহণ কৰি পদ্মশ্ৰী সন্মানেৰে সন্মানিত ডাঃ শৰ্মাই এই বঁটাৰ বাবে তেওঁক নিৰ্বাচিত কৰাৰ বাবে ধন্যবাদ জনায় কাজিৰঙা ৱাইল্ড লাইফ ছ'চাইটীক।এই সন্দৰ্ভত তেওঁ কয়-"এই বঁটাই মোক প্ৰকৃতি আৰু জীৱকুলৰ বাবে অধিক কাম কৰাৰ বাবে মোক অনুপ্রেৰণা যোগাবহাতী-অন্যান্য জীৱ জন্তুক সেৱা কৰিবলৈ আৰু বহুত কাম আছে।" "পদ্মশ্ৰী বঁটা পাই ভাল লাগিছে।মোক এই বঁটাৰ বাবে কোনে নিৰ্বাচিত কৰিছে নাজানো।কিন্তু আজি যিসকলে জীৱনজোৰা সাধনা বঁটা দিছে,তেওঁলোক সংৰক্ষণৰ লগত জড়িত বাবে আৰু ভাল লাগিছে"-শৰ্মাই কয়। বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি নৱ-নিৰ্বাচিত এবছু সভাপতি তথা প্ৰকৃতিপ্ৰেমী যুৱক দ্বীপেন বড়োৱে কয় "বন্যপ্ৰাণীৰ লগতে প্ৰকৃতিৰ অধ্যয়নৰ বাবে ৰাজ্যৰ সমান্তৰালকৈ দেশ-বিদেশৰ পৰা যিসকল ব্যক্তি আহিব বা আহিছে, সেইসকল ব্যক্তিক সুৰক্ষাৰ দিয়াত নিখিল বড়ো ছাত্ৰ সন্থাই সদায় কাম কৰিব।এবছুৱে নিজাকৈ ১০লাখ গছপুলি ৰোপন কৰাৰ লক্ষ্য লৈছে।" কাজিৰঙাৰ দৰে মানস ৰাষ্ট্ৰীয় উদ্যানকো গঢ়ি তোলাৰ বাবে এবছুৱে ব্যৱস্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰি সভাপতি বড়োৱে কয়-"অখণ্ড অসমক ৰক্ষা কৰি কাম কৰাৰ বাবে আমি উদ্যোগ লৈছোঁ।তাৰ ফলশ্ৰুতি হিচাপে অতি কৌশলেৰে ৰাজ্যত-বিদেশত থকা অস্ত্ৰধাৰী নেতাসকলক উলিয়াই আনি অস্ত্ৰমুক্ত সমাজ গঠন কৰাৰ বাবে ইতিমধ্যে বিটিআৰ চুক্তি স্বাক্ষৰ কৰা হৈছে।"

Your Comments