আদালতে দোষী সাব্যস্ত কৰা ঝংকাৰ শইকীয়াৰ হত্যাকাৰীৰ হৈ ওকালতি সদৌ ভাৰত কাৰ্বি ছাত্ৰ সন্থাকে ধৰি সাতটা সংগঠনৰ

Pic

ৰাজ্য কঁপাই যোৱা ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰে জড়িত মুঠ ১৬গৰাকী অভিযুক্তৰ চাৰি গৰাকীক নির্দোষী ঘোষণা কৰি বাকী ১২গৰাকীক কাৰ্বি আংলং জিলা সত্ৰ ন্যায়াধীশ আদালতে সাৱ্যস্ত কৰিলে দোষী।আদালতৰ চূড়ান্ত ৰায় লাভ কৰাৰ পিছতে সাতটা বছৰে পুত্ৰহাৰা দুৰ্ভগীয়া হৰেন শইকীয়াৰ পৰিয়ালটোৰ মুখত পৰিস্ফুত হৈছিল দুখৰ মাজতো সামান্য প্ৰাপ্তি।ৰাজ্যৰ প্ৰতিজন হৃদয়ৱান লোকে দাবী কৰিছে দোষী সাৱ্যস্ত প্ৰতিটো দানৱে লাভ কৰক কঠোৰৰ পৰা কঠোৰ শাস্তি। নিৰ্মম অত্যাচাৰ কৰি হত্যা কৰা ঝংকাৰৰ আত্মাই লাভ কৰক শান্তি, লগতে দুৰ্ভগীয়া পৰিয়ালটোৱে যাতে ন্যায় পায় তাৰে কামনা কৰিছে।২৮ফেব্ৰুৱাৰীত দোষীৰ শাস্তিৰ সন্দৰ্ভত আদালতে গ্ৰহণ কৰিব শুনানি।আদালতৰ শুনানিলৈ দুৰ্ভগীয়া পৰিয়ালটোৰ লগতে অধীৰ আগ্ৰহেৰে ৰৈ আছে ৰাজ্যবাসী।তাৰ মাজতে আদালতৰ ৰায়ক লৈ অসন্তোষ ব্যক্ত কৰিছে সদৌ ভাৰত কাৰ্বি ছাত্ৰ সন্থা,সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা,সদৌ ৰাভা ছাত্ৰ সন্থা,সদৌ অসম দেউৰী ছাত্ৰ সন্থাকে আদি কৰি মুঠ ৮টাকৈ ছাত্ৰ সংগঠনে। বুধবাৰে দিছপুৰ প্ৰেছ ক্লাবত সংগঠনকেইটাই যুটীয়াভাৱে আদালতৰ ৰায়ক লৈ এক সংবাদ মেল সম্বোধন কৰি ইতিমধ্যে আদালতে দোষী সাৱ্যস্ত কৰা একাংশ               ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা চলায়।

বুধবাৰৰ সংবাদ মেলত সদৌ ভাৰত কাৰ্বি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিক্ৰম হাংচেং আৰু সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি ৰতন কছাৰীয়ে সত্ৰ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চ আদালতৰ    দ্বাৰস্থ হ'ব বুলি উল্লেখ কৰে।

গুৰুত্বপূৰ্ণ কথা এই যে ইতিমধ্যে ঘটনাৰ লগত জড়িত থকাৰ অপৰাধত দোষী সাৱ্যস্ত হোৱা ১২টা অপৰাধীৰ অহা ২৮ ফেব্ৰুৱাৰীত ঘোষণা কৰা হ'ব শাস্তি।উল্লেখ যে ভাৰতীয় দণ্ডবিধিৰ ৩০২ধাৰাৰ অধীনতো সাব্যস্ত হৈছে দোষী।যিটো ধাৰাত শাস্তিৰ পৰিমাণ গোটেই জীৱন কাৰাদণ্ড অথবা হ'ব পাৰে ফাঁচী।

Your Comments