প্ৰসংগ-বিকল্প ৰাজনৈতিক দল গঠন:২৮ ফেব্ৰুৱাৰীত 'আছু'ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Pic

নাগৰিকত্ব সংশোধনী আইন-২০১৯"ৰ বিৰোধিতাৰে ৰাজ্যজুৰি হোৱা প্ৰৱল প্ৰতিবাদৰ সমান্তৰালকৈ চৰ্চা লাভ কৰিছে '২১ত বিজেপিক প্ৰতিহত কৰাৰ বাবে নতুন ৰাজনৈতিক দলৰ উত্থানৰ প্ৰসংগ।'কা' বিৰোধী শক্তিসমূহক ঐক্যবদ্ধ কৰি সদৌ অসম ছাত্ৰ সন্থা, শিল্পী সমাজ প্ৰমুখ্যে বিভিন্ন সংগঠন- ৰাইজৰ  প্ৰচেষ্টাত নতুন ৰাজনৈতিক দল গঠন হ'ব বুলি কোৱাৰ পিছতে আৰম্ভ হৈছে ব্যাপক উৎকন্ঠা। জনতাৰ মাজত বিষয়টোৰ চৰ্চাৰ চলি থকাৰ সময়তে নতুন ৰাজনৈতিক দল গঠনৰ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথে মঙলবাৰে কয়-"২৮ফেব্ৰুৱাৰীত 'আছু'ৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক আৰু প্ৰতিনিধি সভা  গুৱাহাটীত অনুষ্ঠিত হ'ব।তাৰ পিছৰ দিনাই জিলা-মহকুমাৰ ছাত্ৰ সন্থা সভাপতি-সম্পাদক আৰু গুৱাহাটীৰ বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰাও কাৰ্যনিৰ্বাহকত প্ৰতিনিধি উপস্থিত থাকিব।তাতে সিদ্ধান্ত লৈ ৰাইজক বিষয়টো জনোৱা হ'ব"।

ৰাজ্যৰ সামগ্ৰিক পৰিস্থিতিৰ সৈতে ৰাজনৈতিক দল গঠনৰ বিষয়টো আমাৰ মাজত আলোচনা হব।এই আলোচনাৰ জৰিয়তে অসমৰ ৰাইজে গম পাব বুলি উল্লেখ কৰি সভাপতি নাথে কয়-"কাৰণ ৰাইজৰ যিটো মনোভাৱ,সেয়া আমি উল্লেখ কৰিছিলোঁ।ৰাইজে যিহেতু এটা উকমুকনি আমাৰ মাজত প্ৰকাশ কৰিছে।সেইটো আমি প্ৰকাশ কৰিছিলোঁ।"

সমগ্ৰ বিষয়টো সন্দৰ্ভত আছুৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে কয় -"ৰাইজে যদি বিচাৰে,নিশ্চয় বিকল্প ৰাজনৈতিক দল গঠন হ'ব।ছাত্ৰ সন্থা ৰাইজৰ লগত থাকিব।জনতাৰ ঊৰ্ধত ছাত্ৰ সন্থা নহয়।সেয়েহে ৰাইজে যেতিয়া বিচাৰে,সেই দিশত আমি আগবাঢ়িম।"

Your Comments