আজি মহা শিৱৰাত্রি:ৰাজ্যৰ সমূহ শৈৱিক দেৱালয়,শিৱ মন্দিৰত ভক্তৰ মহাদেৱ আৰাধনা

Pic

আজি মহা শিৱৰাত্রি।গধূলি ৫ বজাৰ পৰা মহা শিৱৰাত্রিৰ লগ্ন আৰম্ভ হোৱাৰ পিছত ৰাজ্যৰ সমূহ শৈৱিক দেৱালয়,শিৱ মন্দিৰত দেৱাদিদেৱ মহাদেৱৰ পূজা-অৰ্চনা আৰম্ভ কৰিছে ভক্তসকলে।শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত মহাদেৱৰ পূজা-অৰ্চনা কৰিবলৈ বিপুলসংখ্যক ভক্তৰ সমাগম ঘটিছে।আহোম যুগত প্ৰতিষ্ঠিত গুৱাহাটীৰ শুক্ৰেশ্বৰ দেৱালয়, উমানন্দ দেৱালয়,উত্তৰ গুৱাহাটীৰ মণিকৰ্ণেশ্বৰ দেৱালয়,ৰুদ্ৰেশ্বৰ দেৱালয়ত শিৱ আৰাধনাৰ বাবে অগণন ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে।

Your Comments