ঐতিহাসিক শিৱদ'লত আৰম্ভ শ্ৰীশ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱ

Pic

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

ঐতিহাসিক শিৱসাগৰৰ শিৱ দ'লত বৃহস্পতিবাৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিক হৈছে শ্ৰীশ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱ। দ'ল প্ৰাঙ্গণত অনুষ্ঠিত উদ্ধোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলনেৰে শিৱৰাত্ৰি পূজা আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱৰ শুভ উদ্ধোধন কৰে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে। ইয়াৰ পূৰ্বে ৰাজ্যপালগৰাকীয়ে সপৰিয়ালসহ শিৱ দ'লত পূজা-আৰ্চনা কৰে। আনহাতে শ্ৰীশ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱ ২০২০ৰ উপলক্ষে ড০ সীমান্ত বৰুৱাৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা ''বজ্ৰহন্ত'' নামৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰে সাদিন, অসমীয়া প্ৰতিদিন কাকত আৰু প্ৰতিদিন টাইম নিউজ চেনেলৰ স্বত্বাধিকাৰী তথা পৰিচালন সঞ্চালক জয়ন্ত বৰুৱাই।বীণাপাণি শইকীয়াৰ শিৱ বন্দনাৰে শুভাৰম্ভ কৰা অনুষ্ঠানত ৰাজ্যপালগৰাকীৰ পত্নী প্ৰেম মুখী,ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা,শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এম এচ লক্ষ্মীপ্ৰিয়া,উদযাপন সমিতিৰ সভাপতি গংগা প্ৰসাদ বৰগোহাঁইকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

Pic

শ্ৰীশ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলাক কেন্দ্ৰ কৰি চহৰখন লোকে লোকাৰণ্য হৈ পৰে।ইফালে, শিৱৰাত্ৰি উপলক্ষে দ'ল চৌহদৰ লগতে সমগ্ৰ শিৱসাগৰ চহৰ নানাৰঙী আলোক সজ্জাৰে সজাই তোলা হৈছে। সন্ধিয়াৰ পৰা চহৰৰ খেমকা মাতৃ সেৱা সদনৰ সন্মুখত থকা ভাৰতৰত্ন ড০ ভূপেন হাজৰিকা প্ৰতিমূৰ্ত্তিৰ সন্মুখত সাংস্কৃতিক দলসমূহে নৃত্য-গীত পৰিবেশন কৰে।

Your Comments