নাট্য মঞ্চৰ পৰা ৰূপালী পৰ্দালৈ:ঐতিহাসিক পটভূমিত ব্যতিক্ৰমী ৰূপত অচিৰেই মুক্তি লাভ অসমীয়া বোলছবি 'কমলাকুঁৱৰী'ৰ

Pic

গোলাঘাটৰ প্ৰতিবেদক:

নাট্য জগতখনৰ এটা পৰিচিত নাম 'কমলাকুঁৱৰী'। ৰাজ্যখনৰ লগতে বৰ্হিৰাজ্য আৰু শেহতীয়াভাৱে বিদেশৰ বুকুতো ঐতিহাসিক নাটকখন প্ৰদৰ্শিত হৈ সমাদৃত হৈছে।বিশিষ্ট লেখক,শিক্ষাবিদ,নাট্যকাৰ ড° পৰমানন্দ ৰাজবংশীয়ে অসমৰ ঐতিহ্য,পৰম্পৰাৰ আধাৰত ৰচনা কৰা এই মঞ্চ সফল নাটকখনে ইতিমধ্যে সগৌৰৱেৰে গৰকিলে সুদীৰ্ঘ ২৫ টা বছৰ।নাটকখনে সগৌৰৱেৰে ২৫ টা বছৰ গৰকাৰ শুভ মুহূৰ্তত মঞ্চৰ পৰা এইবাৰ ৰূপালী পৰ্দাৰ জয়যাত্ৰাৰ বাবে সাজু হৈছে।অসমৰ ঐতিহাসিক পটভূমিত  সংগীত, চিত্ৰনাট্য,সাৱলীল অভিনয়,ব্যতিক্ৰমী পৰিকল্পনাৰ মেটমৰা সফুৰা লৈ অচিৰেই মুক্তি লাভ কৰিব অসমীয়া বোলছবি 'কমলাকুঁৱৰী'য়ে।ড:পৰমানন্দ ৰাজবংশীৰ কাহিনী,চিত্ৰনাট্য আৰু সংলাপ,স্বপ্নালী বৰগোহাঁইৰ প্ৰয়োজনা,জনপ্ৰিয় কণ্ঠশিল্পী তৰালী শৰ্মাৰ সংগীতেৰে ইতিমধ্যে অসমীয়া বোলছবিখনৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিচত যাৱতীয় 'চেঞ্চৰ' লাভ কৰিছে।

Pic

নাৰীকেন্দ্ৰিক মূল পটভূমিৰে 'কমলাকুঁৱৰী' এচবি মুভিজৰ অসমীয়া বোলছবি জগতখনত নৱতম আৰু এক ব্যতিক্ৰমী সংযোজন।বোলছবিখনৰ প্ৰচাৰৰ দায়িত্বত থকা দিগন্ত কুমাৰ ভূঞাই এটা বিবৃতিযোগে প্ৰকাশ কৰা মতে অসমীয়া নতুন বছৰ আৰু ব'হাগ বিহুৰ সময়তে 'কমলাকুঁৱৰী'ৰ শুভ মুক্তিৰ বাবে প্ৰয়াস কৰা হৈছে।বিহুৰ বতৰত অসমবাসীয়ে ৰূপালী পৰ্দাৰ গাম্ভীৰ্যপূৰ্ণ পটভূমিত এটা নতুন স্বাদেৰে অসমৰ প্ৰায়বোৰ চিত্ৰগৃহতে ছবিখন উপভোগ কৰিবলৈ পাব।বোলছবিখন অসমবাসীয়ে আদৰি ল'ব বুলি  প্ৰযোজক স্বপ্নালী বৰগোহাঁয়ে আশা প্ৰকাশ কৰাৰ লগতে এই নৱতম প্ৰয়াসৰ বাটত সকলোৰে আৰ্শীবাদ বিচাৰিছে ।

Your Comments