দিল্লীৰ ভোট গণনাত 'আপ'ৰ সংখ্যাগৰিষ্ঠতা লাভৰ স্পষ্ট সংকেত

Pic

কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আৰম্ভ দিল্লীৰ বিধানসভাৰ ভোট গণনা।পুৱা ৮ বজাৰ  পৰা ৭০ জনীয়া দিল্লীৰ বিধানসভাৰ ভোটগণনা আৰম্ভ হৈছে।উল্লেখ্য যে ভোটগণনাত দেখিবলৈ পুৱা গৈছে একক সংখ্যাগৰিষ্ঠতাৰ দিশেত অগ্ৰসৰ হৈছে আম আদমী পাৰ্টী।

গুৰুত্বপূৰ্ণ কথা এই যে এইবাৰ দিল্লীৰ ৭০খন আসনত মুঠ প্ৰাৰ্থী সংখ্যা আছিল ৬৭২।সেই অনুসৰি মুঠ ভোটাৰ সংখ্যা আছিল ১কোটি ৪৭লাখ ৮৬হাজাৰ ৩৮২গৰাকী।ভোটদানৰ হাৰ আছিল প্ৰায় ৬১ শতাংশ। 

আনহাতে,লক্ষনীয় কথা এই যে বিভিন্ন সংবাদ প্ৰতিষ্ঠানে আগবঢ়োৱা ফলাফলৰ নির্বাচনী সমীক্ষা প্ৰায় শুদ্ধ হোৱাৰ পথত আগবাঢ়িছে।পূৰ্বৰ তুলনাত শাসকীয় 'আপ'ৰ আসনৰ সংখ্যা কম হোৱাৰ বিপৰীতে বৃদ্ধি পাইছে বিজেপি আসনৰ সংখ্যা।উল্লেখ্য যে পূৰ্বতে মুঠ আসনৰ ৬৭খন আসন আপৰ দখলত থকাৰ বিপৰীতে ৩ খন আছিল বিজেপিৰ দখলত।কিন্তু বৰ্তমান সময়ত চলি থকা ভোট গণনাৰ খবৰ অনুসৰি ২২খনত বিজেপি আৰু ৪৮খন আসনত আপ আগবাঢ়ি আছে।গুৰুত্বপূৰ্ণ কথা এই যে কংগ্ৰেছ এইবাৰো দিল্লীত শূূূন্য হোৱাৰ দিশত আগবাঢ়িছে।

তাৰ মাজতে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল নতুন দিল্লী  সমষ্টিত আগবাঢ়ি আছে।

Your Comments