'কা' সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ শুনানিৰ পিছত আবেদনকাৰী 'আছু' নেতৃত্বৰ প্ৰতিক্ৰিয়া

Pic

নাগৰিকত্ব 'সংশোধনী আইন-২০১৯'ৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বত গঠিত তিনিজনীয়া বিচাৰপীঠে প্ৰদান কৰা প্ৰথম শুনানিৰ পিছতে নিজৰ মতামত প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই।'আছু'ৰ মুখ্য উপদেষ্টা ড:সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়-"অসমৰ পৰিৱেশ-পৰিস্থিতি দেশৰ অন্য ৰাজ্যতকৈ পৃথক।তাৰ প্ৰতি লক্ষ্য ৰাখি 'কা' বাতিল হ'ব লাগিব।'কা' বাতিল নোহোৱা পৰ্যন্ত ৰাজপথত শৃংখলাবদ্ধ গণতান্ত্ৰিক আন্দোলন চলি থাকিব।"আনহাতে,বিকল্প ৰাজনৈতিক শক্তি উত্থানৰ প্ৰশ্নত ভট্টাচাৰ্যই কয়-"প্ৰথম লক্ষ্য 'কা'ৰ বাতিল হ'ব লাগিব।ৰাজনৈতিক বিকল্প এতিয়াই নহয়।"ন্যায়ালয়ৰ ওপৰত গভীৰ বিশ্বাস থকা বুলি উল্লেখ কৰি আছুৰ সভাপতি দীপাংক নাথে কয়-"'কা' বাতিল হ'ব বুলি আমি আশাবাদী।আইনী যুঁজৰ সমান্তৰালকৈ চলি থাকিব ৰাজপথৰ আন্দোলন।"চৰকাৰ উফৰি নোযোৱা পৰ্যন্ত ৰাইজে যেনেদৰে বিচাৰে, তেনেদৰে সংগ্রাম চলি থাকিব বুলি সকীয়নী প্ৰদান কৰি আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয়-"ৰাজপথৰ সংগ্রাম অধিক তীব্ৰতৰ হ'ব"।উল্লেখ্য যে সৰ্বোচ্চ ন্যায়ালয়ে 'কা'ৰ সন্দৰ্ভত বুুধবাৰে শুনানি গ্ৰহণ কৰি চৰকাৰক চাৰি সপ্তাহৰ ভিতৰত আবেদনৰ উত্তৰ দিবলৈ নির্দেশ প্ৰদান কৰিছে।লগতে,অসমৰ ক্ষেত্ৰত শুনানি পৃথক হ'ব বুলি মুখ্য ন্যায়াধীশৰ নেতৃত্বত গঠিত তিনিজনীয়া বিচাৰপীঠে উল্লেখ কৰিছে।

Your Comments