বঙাইগাঁও জিলা সাহিত্য সভাৰ দ্বাদশ পূৰ্ণাংগ চোকাপাৰা অধিৱেশন আৰম্ভ

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

২৫ বছৰ গৰকা বঙাইগাঁও জিলা সাহিত্য সভাৰ দ্বাদশ পূৰ্ণাংগ চোকাপাৰা অধিৱেশনখন  শুকুুৰবাৰৰ পৰা বঙাইগাঁও জিলাৰ ঘনদল বীণাপাণি পুথিভঁৰাল আৰু সামূহিক উন্নয়ন কেন্দ্ৰ প্ৰাংগণত আৰম্ভ হৈছে।বঙাইগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত তথা চোকাপাৰা স্বৰ্ণ শাখা সাহিত্য সভাৰ সহযোগত আৰু আদৰণি সমিতিৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত অধিৱেশনৰ কাৰ্যসূচী অনুসৰি পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি অজিত কুমাৰ দাসে ৷ ইয়াৰ পিছতে স্মৃতি তৰ্পণ কৰে অসম সাহিত্য সভাৰ আজীৱন সভ্য হৰমোহন দাসে।

Pic

আনহাতে,জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰি শ্ৰৰ্দ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে প্ৰবীণ কণ্ঠশিল্পী আৰতি ৰায় ভাগৱতীয়ে।অধিৱেশন উপলক্ষে কাৰ্যনিৰ্বাহক সভা আৰু  প্ৰতিনিধি সভাও অনুষ্ঠিত কৰা হয় ৷ বঙাইগাঁও জিলাৰ প্ৰাক্তন উপ-সভাপতি কেশৱ চন্দ্ৰ ৰায়ে উদ্বোধন কৰা প্ৰতিনিধি সভাখনত সভাপতিত্ব কৰে জিলা সাহিত্য সভাৰ সভাপতি অজিত কুমাৰ দাসে ৷ বিয়লি অনুষ্ঠিত হয় আলোচনা -সত্ৰ আৰু গীত- মাতৰ অনুষ্ঠান।'সাম্প্ৰতিক পৰিস্থিতিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ চিন্তাৰ প্ৰাসংগিতা' শীৰ্ষক আলোচনা-সত্ৰখন সঞ্চালনা কৰে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য কামাখ্যা প্ৰসাদ ৰায়ে।আলোচনা-সত্ৰত বঙাইগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ৰমেশ নাথে আলোচক হিচাপে উপস্থিত থাকি বিষয়বস্তু  সন্দৰ্ভত বক্তব্য প্ৰদান কৰে।জিলা সাহিত্য সভাৰ সভাপতি অজিত কুমাৰ দাসে কয় যে জ্যোতিপ্ৰসাদ আগৰৱালা হ'ল অসমীয়া সাহিত্যৰ অন্যতম পুৰোধা ব্যক্তি ৷ তেওঁ অসমীয়া নাট্য সাহিত্য জগতৰ শ্ৰেষ্ঠ ব্যক্তি ৷ আজিও  সমালোচকসকলে ক'ব খোজে যে অসমীয়া সাহিত্যত জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰে নাট আজিলৈকে কোনেও সৃষ্টি কৰিব পৰা নাই।লগতে,ভৱিষ্যতলৈকে যে সৃষ্টি হ'ব, তাক লৈও তেওঁলোকে সংশয় প্ৰকাশ কৰিছে ৷ শিল্পীগৰাকীয়ে অসমীয়া জাতিৰ স্বাভিমান আৰু জাতিয়তাবোধক সমগ্ৰ দেশতে যিদৰে জগাই তুলিছে,সেয়া অনন্য ৷ আনহাতে নাগৰিকত্ব (সংশোধনী) আইন সন্দৰ্ভত সভাপতিগৰাকীয়ে কয় যে এই আইনখনে এক জটিলতা সৃষ্টি কৰিছে ৷ আমি যাক হিয়াৰ আমঠু বুলি ভোট দিছিলো সেইখন চৰকাৰে আমাৰ অসমীয়াৰ ওপৰত বলপূৰ্বকভাৱে 'কা' জাপি দিছে ৷ গতিকে,এই আইন আমি কেতিয়াও নামানো ৷ উল্লেখ্য যে ১৮ জানুৱাৰীৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত কুঁহি অনুষ্ঠান ( শিশুসকলৰ বাবে) উদ্বোধন কৰে ছিপনছিলাৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী কানন বৰুৱাই আৰু সভাপতিত্ব কৰিব জিলা সাহিত্য সভাৰ সভাপতি অজিত কুমাৰ দাসে ৷ আনহাতে,সঞ্চালনা কৰিব ছিপনছিলা হাইস্কুলৰ প্ৰধান শিক্ষক কৈলাশ চন্দ্ৰ শৰ্মাই ৷ বিয়লি ১ বজাত অনুষ্ঠিত হ'ব মুকলি সভা।

 

Your Comments