উত্তৰ-পূৰ্বাঞ্চল বন্ধত স্তব্ধ গুৱাহাটী:হাতীগাঁৱত স্কুটীত অগ্নিসংযোগ,পুৱা ৰাইজলৈ আহ্বান আছু

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নেছ'ৱে আহ্বান জনোৱা উত্তৰ-পূৰ্বাঞ্চল বন্ধত স্তব্ধ সদাব্যস্ত গুৱাহাটীৰ জনজীৱন।পুৱা পাঁচ বজাৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে মহানগৰী ৰাজপথ।সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বন্ধ সমৰ্থনকাৰী বিভিন্ন জাতীয় দল-সংগঠনৰ সদস্যসকল বন্ধ সফল কৰাৰ বাবে পুৱাতে ওলাই আহিছে ৰাজপথলৈ।জৰুৰীকালীন সেৱাৰ বাহিৰে যিসমূহ বাহন বন্ধক অমান্য কৰি ৰাজপথলৈ ওলাই আহিছে,বন্ধ সমৰ্থকসকলে আবদ্ধ কৰিছে। ইফালে,প্ৰাপ্ত খবৰ অনুসৰি মহানগৰীৰ হাতীগাঁৱত পুৱাতে জ্বলাই দিছে এখন স্কুটী। মহানগৰীৰ শ্বহীদ ভৱনত আছুৰ মুখ্য উপদেষ্টা ডঃসমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই যিসকলে বন্ধ অমান্য কৰিছে, সেইসকলক পুনৰ আহ্বান জনাইছে বন্ধক সহযোগিতা কৰিবলৈ। আনহাতে,বিজেপি চৰকাৰে সোমবাৰে ৰাতি ১২.০৬ বজাত অৰ্থাৎ আজিৰ দিনটোতে লোকসভাত কেব গৃহীত কৰি অসমৰ শ্বহীদক পুনৰবাৰ অপমান,অসমীয়াক বিশ্বাসঘাতকতা কৰা বুলি উল্লেখ কৰে ভট্টাচাৰ্যই।কাৰণ অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ আজি মৃত্যু দিন।সেই দিনটোত প্ৰতি বছৰে আছু তথা অসমীয়া ৰাইজে শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে।কিন্তু সেই শ্বহীদক অপমান কৰিয়ে বিজেপিয়ে পৰিকল্পিতভাৱে ৰাতি ১২ বজাৰ পিছত বিধেয়ক গৃহীত কৰিছে বুলি তেওঁ কয়। আনহাতে,ভট্টাচাৰ্যই কয় শ্বহীদক সোঁৱৰণ কৰি আজি পুনৰ সংকল্প ল'ম-'শ্বহীদৰ ত্যাগ অথলে যাবলৈ নিদিওঁ।' যিসকল নিৰ্বাচিত নেতাই আজি ৰাইজক বিশ্বাসঘাটকতা কৰিছে,সেইসকল ৰাইজৰ হাততে এদিন পৰাজিত হ'ব।তাৰ বাবে এই গণ আন্দোলন বুলি উল্লেখ কৰি ভট্টাচাৰ্যই আৰু কয়-'দিল্লীয়ে ভাবিছিল উত্তৰ-পূবক ভাগ ভাগ কৰিম।কিন্তু আজিৰ বন্ধই প্ৰমাণ কৰিছে উত্তৰ-পূৰ্বাঞ্চল ঐক্যবদ্ধ।'

Your Comments