'কেব' বিৰোধিতাৰে কলম এৰি ৰাজপথলৈ ওলাল মহানগৰীৰ সাংবাদিক

Pic

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজপথলৈ ওলাল গুৱাহাটীৰ সাংবাদিক সকল।গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত সোমবাৰে কেবৰ বিৰুদ্ধে গ্ৰহণ কৰা হয় দুঘন্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী।উল্লেখ্য যে ৰাজ্যবাসীৰ প্ৰৱল প্ৰতিবাদ তথা কেব বিৰোধী আন্দোলনৰ পিছতো অসমীয়াৰ আন্দোলনক নস্যাৎ কৰি কেৱল মাত্ৰ ক্ষমতা ৰক্ষাৰ স্বাৰ্থত গণতন্ত্ৰৰ পৰিপন্থী,সংবিধান বিৰোধী তথা জাতিক ধ্বংস কৰিব পৰা কেবৰ বিৰুদ্ধে জনতাৰ মাজত অধিক সজাগতা অনাৰ বাবে সাংবাদিকসকলে কলম এৰি বাধ্য হ'ল ৰাজপথলৈ ওলাবলৈ। সাংবাদিকসকলৰ স্পষ্ট কথা-'আমি নিৰপেক্ষ নহয়,আমি ৰাইজৰ পক্ষত।ৰাইজৰ বিৰুদ্ধে গৈ সাংবাদিকতা নহয়।ৰাইজৰ লগত থাকি জাতিক সুৰক্ষাৰ দিয়াৰ লগতে সংবিধানক ৰক্ষা কৰাই হৈছে সাংবাদিকৰ দায়িত্ব।' অৱস্থান ধৰ্মঘট কার্যসূচীত অংশগ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাই কয়-'চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ সাংবাদিক এনেদৰে ওলাই আহিব লগা হোৱাটো চৰম দুৰ্ভাগ্যজনক।এনে ঘটনা ইতিহাসত বিৰল।এই বিৰল ঘটনাটো ইতিহাসত সদায় লিপিবদ্ধ হৈ থাকিব।' কেবৰ সন্দৰ্ভত তেওঁ কয়-'বিজেপিয়ে সংখ্যাৰ বলত হয়তো কেব গৃহীত কৰিব।কিন্তু অসমীয়া ৰাইজে সেই কেব যে নামানে,সেয়া ইতিমধ্যে সহজে অনুমেয়।জাতিৰ সন্ধিক্ষণত ৰাজপথলৈ সাংবাদিকসকল ওলাই আহি জাতিৰক্ষা আন্দোলনখন অধিক শক্তিশালী আৰু গণমুখী কৰি তুলিব।এই সংগ্রামত অসমীয়া জাতিৰ জয় নিশ্চিত'-ভূঞাই কয়। ইফালে সাংবাদিকসকলে কেবৰ বিৰুদ্ধে নহয়,নিৰপেক্ষভাৱে সংবাদ পৰিৱেশ কৰিব লাগে বুলি একাংশ চৰকাৰী পক্ষই বিভিন্ন সময়ত কৈ অহা প্ৰসংগক আঁত ধৰি জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে সকীয়নী প্ৰদান কৰি কয়-,'জাতিয়েই যেতিয়া নাথাকে,ভাষা-সংস্কৃতি যেতিয়া নাথাকে, আমি কাক লৈ সাংবাদিকতা কৰিম।নিৰপেক্ষ সাংবাদিকতা বুলি একো কথা নাই।সাংবাদিকতা হয় ৰাইজৰ পক্ষত নহয়,শাসকৰ পক্ষত। জনসাধাৰণৰ ভোট লৈ নিৰ্বাচিত হোৱা জাতিদ্রোহী, দেশদ্রোহী নেতাসকলক চিনাক্ত কৰি মুখাবোৰ খুলি দি ৰাইজৰ আগত উদঙাই দিয়াটো সাংবাদিকৰ দায়িত্ব আৰু কৰ্তব্য।' ধৰ্মঘটত উপস্থিত থাকি বিশিষ্ট সাংবাদিক অদীপ কুমাৰ ফুকনে কয়-'অসম আন্দোলনৰ কথা সৰ্বানন্দ সোণোৱাল, অতুল বৰাই কি বুজিব।কাৰণ তেওঁলোক অসম আন্দোলনত জড়িত নাছিল।অসম আন্দোলনৰ পিছত আহি তেওঁলোক আজি নেতা হৈছে।' ইয়াৰ উপৰিও উপস্থিত থাকে বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন প্ৰমুখ্যে প্ৰায় অৰ্ধশতাধিক সাংবাদিক। উল্লেখ্য যে সাংবাদিকসকলৰ প্ৰতিবাদী কাৰ্যসূচীলৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহে বিভিন্ন জাতীয় দল-সংগঠনৰ লগতে বিভিন্ন ক্ষেত্ৰ ব্যক্তিসকল।তাৰ ভিতৰত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, অনুসূচীত জাতি যুৱ-ছাত্ৰ পৰিষদৰ ৰুবুল দাস, অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী, প্ৰতিবন্ধী সুৰক্ষা সমিতিৰ নিপেন মালাকাৰ,প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ অন্যতম।

Your Comments