পাকিস্তান হুচিয়াৰ!সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক ৰাষ্ট্ৰখনৰ সকলো গতিবিধি এতিয়া নিৰীক্ষণ কৰিব ইছৰ'ৰ "কাৰ্টছেট-৩"য়ে

Pic

ভাৰতীয় সেনাৰ বাবে মহকাশত স্থাপন কৰা হ'ল শক্তিশালী 'আকাশী গুপ্তচৰ'।বুধবাৰে পুৱা ৯-২৮ বজাত ইছৰ'ই শ্ৰীহৰিকোটাৰ পৰা পিএছএলভি-চি৪৭ ৰকেটৰ জৰিয়তে উৎক্ষেপন কৰা "কাৰ্টছেট-৩" উপগ্ৰহটোৱে ভাৰতীয় সেনাৰ বাবে কাম কৰিব শক্তিশালী আকাশী গুপ্তচৰ হিচাপে।এই কৃত্ৰিম উপগ্ৰহটোৱে নজৰ ৰাখিব ভাৰত-পাকিস্তান সীমান্তত পাকিস্তানৰ যিকোনো শত্ৰুতামূলক কাম-কাজৰ।লগতে ই ভাৰত-পাকিস্তান সীমান্ত,নিয়ন্ত্ৰণ ৰেখাত সন্ত্ৰাসবাদীৰ গতি বিধি ৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰাখিব।কাৰ্টছেট-৩ৰ খবৰৰ ভিত্তিত ভাৰতীয় সেনাই পাকিস্তান আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব।উল্লেখ্য যে ২০১৬ চনত পাকিস্তানৰ এলেকাত চার্জিকেল ষ্টাইকত ভাৰতীয় সেনাই কাৰ্টছেটৰ পুৰণা সংস্কৰণ "কাৰ্ট'ছেট-২"য়ে প্ৰেৰণ কৰা আলোকচিত্ৰৰ সহায় লৈছিল।

Your Comments