উচ্চতম ন্যায়ালয়ৰ অযোধ্যা বিবাদ গোচৰৰ ৰায়দানৰ পিছত নতুন ভাৰত নিৰ্মাণত ভাৰতবাসীয়ে নিজকে উৎসৰ্গা কৰিব-প্ৰধানমন্ত্ৰী মোডী

Pic

অযোধ্যা বিবাদৰ গোচৰত শনিবাৰে উচ্চতম ন্যায়ালয়ে চূড়ান্ত ৰায়দান কৰাৰ পিছত গধূলি ৬ বজাত ৰাষ্ট্ৰবাসীক সম্বোধন কৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয় যে আজি উচ্চতম ন্যায়ালয়ৰ ৰায়ে নতুন এটা পুৱা কঢ়িয়াই আনিছে।তেওঁ ন্যায় প্ৰণালী,ন্যায়াধীশসকলক অভিনন্দন জ্ঞাপন কৰে।তেওঁ কয় যে প্ৰতিটো কঠিন সমস্যাৰ সমাধান ন্যায়পালিকাতেই থাকে।উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানৰ পিছত নতুন ভাৰত নিৰ্মাণত ভাৰতবাসীয়ে নিজকে উৎসৰ্গা কৰিব।আজি ভাৰতে বিশ্বক ঐক্যৰ নিৰ্দেশন প্ৰদৰ্শন কৰিলে বুলিও প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে।একতা আৰু শান্তি দেশৰ উন্নয়নৰ বাবে অত্যন্ত প্ৰয়োজন বুলি মত প্ৰকাশ কৰে।ভয় আৰু কটুতাৰ কোনো স্থান থাকিব নালাগে বুলিও তেওঁ কয়।

Your Comments