আজি অযোধ্যা বিবাদৰ গোচৰৰ ঐতিহাসিক ৰায়দান:সমগ্ৰ দেশতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা

Ayodhya

আজি পুৱা ১০-৩০ বজাত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব ৰাম জন্মভূমি আৰু বাবৰি মছজিদ ভূমি বিবাদৰ গোচৰৰ ঐতিহাসিক ৰায় দান।ইয়াৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।দেশৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন স্থানত ১৪৪ ধাৰা বলবৎ কৰা হৈছে।আনহাতে,অযোধ্যাত আৰক্ষী বাহিনীয়ে হনুমান গঢ়ী মন্দিৰৰ চৌপাশে অভূতপূৰ্বভাৱে নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে।মন্দিৰটোৰ চৌপাশে বহু সংখ্যক আৰক্ষীক নিয়োগ কৰা হৈছে।অৱশ্যে মন্দিৰটোত ভক্তৰ দৰ্শন,পূজা-পাৰ্বনত কোনো বাধা আৰোপ কৰা হোৱা নাই।

Your Comments