মৰিগাঁও মহাবিদ্যালয়ত নিচাযুক্ত দ্ৰব্য আৰু চাইবাৰ ক্ৰাইম সন্দৰ্ভত সজাগতা সভা

Pic

মৰিগাঁৱৰ পৰা জিতুমণি নাথ:


'প্ৰশ্নসূচক চিহ্নডালৰ কাৰণেহে মানৱ সভ্যতা আজি ইমানখিনি আগুৱাই যোৱাটো সম্ভৱ হৈ পৰিছে'-এই মন্তব্য অসম চৰকাৰৰ আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ।অসম আৰক্ষীৰ বিশেষ অনুসন্ধান শাখাৰ উদ্যোগত আৰু মৰিগাঁও জিলা আৰক্ষী প্ৰশাসনৰ সহযোগত বৃহস্পতিবাৰে মৰিগাঁও মহাবিদ্যালয়ত নিচাযুক্ত দ্ৰব্য আৰু চাইবাৰ ক্ৰাইম সন্দৰ্ভত অনুষ্ঠিত সজাগতা সভাত অংশগ্ৰহণ কৰি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে মুখ্য অতিথিৰ ভাষণত কয়-'জীৱনত প্ৰশ্ন সোধাটো বৰ ডাঙৰ কথা।পৃথিৱীৰ মানৱ সভ্যতাত আজিলৈকে ডাঙৰ কিবা এটা যদি আৱিস্কৃত হৈছে,সেয়া হৈছে প্ৰশ্নসূচক চিহ্ন।'এইটো কেনেকৈ হ'ল,সেইটো কেনেকৈ হ'ল আদি বিভিন্ন প্ৰশ্নৰ বাবেহে মানৱ সভ্যতা আগুৱাই যোৱাটো সম্ভৱ হৈ পৰিছে বুলি মন্তব্য কৰি কয়-'বিজ্ঞানৰ দ্ৰুত উন্নতিয়ে আমাক ভাল আৰু বেয়া দুয়োটা কথাকে  শিকাইছে।বেয়াটোক বাদ দি ভালটোক আকোঁৱালি ল'ব লাগে। বিজ্ঞানৰ উন্নতিৰ বাবে সম্প্ৰতি ছাত্ৰ-ছাত্ৰীসকলে ঘৰতে থাকিয়েই অধ্যয়ন কৰিবলৈ সুবিধা লাভ কৰিছে।তাৰ পিছতো কিন্তু ছাত্ৰ-ছাত্ৰী কলেজলৈ আহিব লগাত পৰিছে। ইয়াৰ মূল কাৰণ হৈছে ইন্টাৰনেটৰ য'ত বিষয়টো আছে সেই বিষয়ৰত কিছুমান ভেলু এডিচন অৰ্থাৎ মূল্য সংযোজন কৰিছে শিক্ষকসকলে।শিক্ষাগুৰুসকলে মূল্য সংযোজন কৰাৰ কাৰণেহে বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীসকল আহিব লগাত পৰিছে। মানুহৰ ভুলক ইৰেজাৰ অৰ্থাৎ ৰাবাৰৰ লগত তুলনা কৰি কয় যে ভুল কৰিলে কেতিয়াও হতাশ হ'ব নালাগে।ভুলসমূহ মচি আগুৱাই যাবলৈ চেষ্টা কৰিব লাগে।' মৰিগাঁও জিলাৰ উপায়ুক্ত ঋতুৰাজ বৰা,আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা,মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লীলাকান্ত বৰঠাকুৰ,অধ্যাপিকা হেমা শৰ্মাই অংশগ্ৰহণ কৰা সভাখনত অসম আৰক্ষীৰ  বিশেষ শাখাৰ মহাপৰিদৰ্শক হীৰেন নাথে নিজৰ ভাষণত কয় যে চাইবাৰ ক্ৰাইমৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ মূল কাৰণটো হৈছে মানুহে লোভ সম্বৰণ কৰিব নোৱাৰাটো।যাৰ বাবে চাইবাৰ ক্ৰাইমে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। মানুহে মৰিছীকাৰ পিছত দৌৰাৰ প্ৰৱণতা বাদ দিব পাৰিলেই চাইবাৰ ক্ৰাইমৰ অপৰাধৰ সংখ্যাও কমি যাব বুলি মন্তব্য কৰে।  অসম আৰক্ষীৰ অনুসন্ধান শাখাৰ অতিৰিক্ত সঞ্চালক এল আৰ বিষ্ণয়েও চাইবাৰ ক্ৰাইম আৰু নিচাসক্ত দ্ৰব্য সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰা কৰে।সভাখনত মহাবিদ্যালয়খনৰ শিক্ষক -শিক্ষয়িত্ৰী,বিশিষ্ট নাগৰিক,ছাত্ৰ-ছাত্ৰী আৰু সংবাদ মাধ্যমৰ লোকসকলেও অংশগ্ৰহণ কৰে।

Your Comments