পাকিস্তানত এখন ৰেলে কঢ়িয়াই লৈ গৈছিল বহু ভয়ানক মৃত্যু,কেনেকৈ...

Pic

পাকিস্তানত এখন এক্সপ্ৰেছ ৰেলত মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হৈছে।কৰাচী মহানগৰৰ পৰা ৰাৱালপিণ্ডিলৈ গৈ থকা এখন এক্সপ্ৰেছ ৰেলত হোৱা অগ্নিকাণ্ডত ৬৫ জন লোকৰ মৃত্যু হৈছে।ৰেলখনত যাত্ৰীয়ে লৈ যোৱা কুকিং ষ্টোভত বিস্ফোৰণ হোৱাত অগ্নিকাণ্ড সংঘটিত হয়।জুই লগৰ পিছত চলন্ত ৰেলৰ পৰা জঁপিওৱাৰ ফলত অধিকাংশ যাত্ৰীৰ মৃত্যু ঘটে।দুৰ্ঘটনাটো লিয়াকৎপুৰ চহৰৰ সমীপত ৰহিম য়াৰ খান ষ্টেচনৰ কাষত সংঘটিত হয়।উল্লেখ্য যে পাকিস্তানত দীর্ঘ দূৰত্বৰ ৰেল ভ্ৰমণত বহু যাত্ৰীয়ে ৰেলতে ৰন্ধা-বঢ়া কৰিবলৈ কুকিং ষ্টোভ লগত লৈ যায়।

Your Comments