মাৰ্কিন সেনাৰ আক্ৰমণত নিহত ইছলামিক ষ্টেটৰ প্ৰমুখ,কুখ্যাত সন্ত্ৰাসবাদী আবু বকৰ আল বাগদাদী

Pic

ছিৰিয়াত মাৰ্কিন সেনাৰ আক্ৰমণত নিহত হ'ল বিশ্বত্ৰাস সন্ত্ৰাসবাদী,ইছলামিক ষ্টেটৰ প্ৰমুখ আবু বকৰ আল বাগদাদী।মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে বাগদাদীৰ মৃত্যু নিশ্চিত কৰিছে।ট্ৰাম্পে অৱগত কৰোৱা মতে শনিবাৰে নিশা আমেৰিকাৰ সেনাই ছিৰিয়াত চলোৱা এটা অভিযানত বাগদাদীয়ে আত্মঘাতী বিস্ফোৰণেৰে নিজকে উৰুৱাই দিয়ে।বাগদাদীৰ তিনিটা সন্তানো এই সময়তে নিহত হয়।ট্ৰাম্পৰ মতে বাগদাদী এটা সুৰংগত থকা অৱস্থাত মাৰ্কিন সেনাই চৌপাশে আগুৰি ধৰে।তেতিয়া, সন্ত্ৰাসবাদীটোৱে নিজকে উৰুৱাই দিয়ে।ট্ৰাম্পে লগতে কয় যে বাগদাদী কুকুৰৰ দৰে মৰিল,এটা কাপুৰুষৰ দৰে মৰিল।বাগদাদীৰ সৈতে নিহত হয় ইছলামিক ষ্টেটৰ কেইবাটাও কমাণ্ডাৰ।

Your Comments