গোলাঘাটত বক্সাৰ লাভলীনা বৰগোহাঁঁইক বিপুল সম্বৰ্ধনা 

Pic

গোলাঘাটৰ প্ৰতিবেদক:

গোলাঘাটত,সদ্য সমাপ্ত বিশ্ব মহিলা বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা গোলাঘাট বৰপথাৰৰ বক্সাৰ লাভলীনা বৰগোহাঁঁইক গোলাঘাট এমেচাৰ বক্সিং সন্থাই বিপুলভাৱে সম্বৰ্ধনা  জনায়।এই উপলক্ষে গোলাঘাট এমেচাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাত বিশ্বখ্যাত খেলুৱৈগৰাকীক গোলাঘাটৰ বিভিন্ন অনুষ্ঠানেও আদৰণি জনাই ভৱিষ্যতে অধিক গৌৰৱ কঢ়িয়াই অনাৰ আশা প্ৰকাশ কৰে। আজিৰ সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে জিলা উপায়ুক্ত ধীৰেণ হাজৰিকা, অতিৰিক্ত উপায়ুক্ত পাপু গগৈ, সন্থাৰ সভাপতি দীপ সন্দিকৈ, পৌৰপতি জুৰি দাস ৰাজখোৱা আৰু জিলা ক্ৰীড়া বিষয়া অতুল বৰা।

Your Comments